ৰাষ্ট্ৰীয় গীত বন্দে মাতৰম ক বিশেষ মৰ্যদা

ভাৰতৰ ৰাষ্ট্ৰীয় গীত বন্দে মাতৰম ক লৈ কেন্দ্ৰীয় চৰকাৰৰ নতুন নীতি ঘোষণা। আজি আনুষ্ঠানিক ভাবে গৃহীত হয় এই নিয়ম। বংকিম চন্দ্ৰ চট্টোপধ্যায় বিৰচিত বন্দে মাতৰমৰ ৬টা দফা গোৱা হ'ব সকলো চৰকাৰী অনুষ্ঠানত। ৰাষ্ট্ৰীয় সংগীত জন-গণ-মন গোৱাৰ আগত গোৱা হ'ব বন্দে মাতৰম। চৰকাৰী বিশেষ অনুষ্ঠান, শিক্ষানুষ্ঠান, ছবিগৃহ সকলোতে গাব লাগিব ৰাষ্ট্ৰীয় গীত। গীতটি গোৱাৰ সময়সীমা হ'ব তিনি মিনিট। পূৰ্বে মাত্ৰ ২টা দফাহে গোৱা হৈছিল যদিও এতিয়াৰ পৰা বাদ দিয়া ৪টা দফা সংলগ্ন কৰি ৬টা দফাই গাব লাগিব।

বন্দে মাতৰমৰ ৬টা দফা তলত দিয়া হ'ল।

বন্দে মাতৰম (ৰাষ্ট্ৰীয় গীত)

১ম স্তৱক
বন্দে মাতরম্
সুজলাম সুফলাম মলয়জ শীতলম
শস্যশ্যামলম মাতরম্।
বন্দে মাতরম্॥

২য় স্তৱক
শুভ্র জ্যোৎস্না পুলকিত যামিনী,
ফুল্ল কুসুমিত দ্ৰুমদল শোভিনী,
সুহাসিনী সুমধুৰ ভাষিণী,
সুখদা বৰদা মাতৰম্।
বন্দে মাতৰম্॥

৩য় স্তৱক
সপ্ত-কোটী কণ্ঠ কল-কল নিনাদ-কৰালে,
দ্বিসপ্ত-কোটী ভুজে-ধৃত খৰ- কৰবালে,
অবলা কেনে মা এত বলে
বহুবলধাৰিণীম, নমামি তাৰণীম,
ৰিপুদল বাৰিণীম

মাতৰম্

বন্দে মাতৰম।।

৪ৰ্থ স্তৱক
তুমি বিদ্যা, তুমি ধৰ্ম,
তুমি হৃদি, তুমি মর্ম,
ত্বম হি প্ৰাণাঃ শৰীৰে।
বাহুতে তুমি মা শক্তি,
হৃদয়ে তুমি মা ভক্তি,
তোমাৰেই প্ৰতিমা গঢ়ি মন্দিৰে মন্দিৰে॥

৫ম স্তৱক
ত্বম হি দুর্গা দশপ্ৰহৰণধাৰিণী,
কমলা কমলদল বিহাৰিণী,
বাণী বিদ্যাদায়িনী,
নমামি ত্বাম।
নমামি কমলাম, অমলাম, অতুলাম,
সুজলাম সুফলাম মাতৰম্॥

৬ষ্ঠ স্তৱক
শ্যামলম্ম সৰলাম সুশীতলাম,
ভূষিতাম ধৰনীম ভৰণীম মাতৰম্।
বন্দে মাতৰম্॥

About Us

JANAGAN is a platform for the common people of Assam. It is an initiative of VANDE, a govt registered social trust dedicated to work for the citizen. JANAGAN's motto is to develop ethical and independent journalism in the state. It will also try to promote Assamese literature and culture with various projects.